Sunday, 16 September 2012

মোৰ বিহু নাম .....................


বিহুতি আহিলে সাজে সাজিলে প্ৰকৃতি শুৱণী হ্' 
প্ৰকৃতিৰ শুৱণী আমাৰ দেশ সাতভনী ৰূপে জিলিকি গ্' ...........

হাই হাই 
অসমৰে গৌৰৱৰ কাজিৰঙা হাবিখন 
বিদেশতো চিনাকি নাম 

কাজিৰঙা হাবিতে এশিঙীয়া গড় আছে 
অসমৰে প্ৰতীকো হয় 

এই গড় চাবলৈ বিদেশী প্ৰৰ্য্যাটক আহে  
প্ৰকৃতি নানান ৰূপ দেখে 

বিহুতি আহিলে ৰমকে জমকে প্ৰকৃতিৰ তুলনা নাই 
আমাৰ বিহুৰে নাচনীৰ মাজতে তোমাতকৈ ধুনীয়া নাই 

বগী ধকে-ধকী মুখখনি চকলি 
মুখত আমিয়া মাত

নাচৰে লাচতে মুকুতা সৰি পৰে 
ৰাংঢালী নাচনী তই

তোকে মই বিচাৰে নিজকৈ পাবলৈ 
তোকে লৈ সপোন ৰচো 

অহা বহাগতে তোকে লৈ পলাই যামে
মন্দিৰতে বিয়াখন পাতিম 

সমাজৰ লোকে হাঁহিলেও হাঁহিব 
তোকে লৈ মই সুখেৰে থাকিম 

বিহুলৈ আহিবি বিহুৱান আনিবি 
টিপতে যাচিবি মৰম 
তোলৈয়ে বুলি কপৌফুল আনিছো 
খোপাতে গোজি দিম বুলি ............................


ফাগুনো আহিলে গছে পাত সলালে..... প্ৰকৃতি শুৱনি হ্'
বসন্তৰ বতৰা লগতে আনিলে ঐ ...  আকৌ অসম শুৱণি হ্'


বসন্ত আহিব এ জানৈ কুলিয়ে বিনাব
কেতেকীয়ে বিনাব ডালত

ঢোল পেঁপা বাজিব এ জানৈ বিহুনো মই যোৰিমে
পথাৰৰে আহঁতৰ তলত

ঢোলৰ মাতে শুনি এ জানৈ দেহাত নাই তৰণি
গিৰিপনি তুলিছ শাঁলত

মাকোঁ সৰি পৰে এ জানৈ টোলোঠাও বাগৰে
বিহুৱানো দিবৰে মন

মৰমৰ দীঘেৰে এ জানৈ চেনেহৰ বানিৰে
বুটা বচা বিহুৱান দিবি

ঢোলটি কান্ধত লৈ এ জানৈ যামেনো মই বিহুলৈ
ৰিঙ মাৰি মাৰিমে তোক

বিহু মাৰিবলৈ এ জানৈ উলাইনো তই আহিবি
উলাহতে মাৰিবি বিহু

ৰাতি বিহু মাৰোতে এ জানৈ কাষলৈ তই আহিবি
খোপাতে ঐ কপৌফুল গুজিম

বিহুৰে চলতে এ জানৈ মৰমনো তই যাচিবি
মৰমৰে বিহুৱান দিবি

এনোৱা বিহুটিক এ জানৈ এৰোনো কেনেকৰি
বিহুটিৰ ঐ অসমৰ মান

বিহুটি আদৰৰ ঐ .... বিহুটি সাদৰৰ ঐ বিহুটি অসমৰ মান
এনোৱা বিহুটিক এৰিব লাগিলে নাথাকে অসমৰ মানে মোৰ ককাইটি ঐ ...
নাথাকে অসমৰ মান ..................................


ফাগুনৰে পচোঁৱাই গাতে চাতি মাৰি যায়

ফাগুনৰে পচোঁৱাই গাতে চাতি মাৰি যায়
মনতনো ভাল লাগে বসন্তৰ বাতৰি পাই

শৈশৱৰে দিনতে চিলা উৰাই থাকোতে
তুমিনো কান্দিছিনা চিলা কাটি দিলতে

লগৰ সমনিয়া জোকাইছিলে তোমাকে
তুমি বহি দিছিলা পথাৰৰে নৰাতে

আজিও মনত আমাৰনো শৈশৱলে
দুয়ো খেলিছিলো হাতত ধৰা ধৰিকে

শৈশৱ বাগৰি গ্ল যৌৱন আৰম্ভ হ্
দুয়ো নজনাকে পিৰিতিৰ এনাজৰি হ্

অহানো বহাগতে বিহু মাৰিম উলাহতে
আগতিয়াকৈ ঢোলটি চোৱাই থৈছো

অতিকৈ চেনেহৰে বহাগতে বিহুতে
আমি বিহু মাৰো আহঁত তলতে

আহঁত তলতে আমি বিহুনাম যোৰিম গৈ
নাচনিৰ সাজেৰে আহিবা সোন বিহুলৈ

বহাগৰে বিহুতে তুমিনো নানাচিলে
বিহুতে মন নবহে ময়ো সফল দেকাযে

বিহুলৈ আহিবা কঁকাল ভাঙ্গি ভাঙ্গি নাচিবা
নাচৰে ঐ চলতে কাষে চাপি আহিবা ।।।


12যোজনা..................

বাঁহ মই কাটিলো পাবে পাবে কৰি 
টকাতি সাঁজি দিম তোক 
আগলি বাঁহেৰে গগণাও সাজি দিম 
বুটা বঁচা বিহুৱান যাচিবি মোক ...............

বিহু নাম ....................

বাঁহনিলৈ গৈছিলো এ জানৈ বাঁহনো কাটিবলৈ 
জানৈ বাহনো কাটিবলৈ 
চুৰাতে ঐ দাঁকিলে মোক 

বাঁহ মই কাটিলো এ জানৈ পাবেনো পাব কৰি 
জানৈ পাবেনো পাব কৰি 
টকাতি সাঁজি দিম তোক 

চুঁৰাটে দাকিলে এ জানৈ বৰকৈ খজোৱালে 
জানৈ বৰকৈ খজোৱালে 
আইনো গালি পাৰে মোক

আগলি বাঁহেৰে এ জানৈ গগণাও সাঁজি দিম 
জানৈ গগণাও সাঁজি দিম 
মৰমেৰে খোপাতে লবি

পাহাৰ বগাই এ জানৈ কপৌফুল আনিমে
জানৈ কপৌফুল আনিমে 
খোপাতে ঐ গুজিমে বুলি 

বিহু মাৰিবলৈ এ জানৈ উলাইনো তই আহিবি 
জানৈ উলাইনো তই আহিবি
বিহুনো মাৰিবলৈ যাম

হাততে টিপতে এ জানৈ বিহুৱান তই আনিবি 
জানৈ বিহুৱান তই আনিবি
মৰমেৰে পিন্ধায়ে দিবি ............................( নাচনীৰ সহাৰিৰ আপেক্ষাত ) 



ফাগুনৰ পচোঁৱাই ঐ গাতে চাতি মাৰিলে ঐ
বিহুৰে ঐ বতৰা লৈ
ঢোলটিত ফৰিঙা ঐ লগাও গৈ লাহৰি ঐ .....
বিহুলৈ সাজু হও গৈ ...................

ফাগুন পচোঁৱায়ে গাতে চাতি মাৰিলে
গাতে চাতি মাৰিলে
বিহুৰে ঐ বতৰা লৈ

ঢোলটিত ফৰিঙা লগাও গৈ লাহৰি
লগাও গৈ লাহৰি
বিহুটি চোন পাবৰে হ্'

মোৰ জান দেহা ঐ তাঁতৰে ঐ শালতে
মোৰ জান দেহা ঐ বিহুৱাল লগাবি
মোৰ জান দেহা ঐ বিহুতে এখনি দিবি

মোৰ ধন চেনাই ঐ পাহাৰে পাহাৰে
মোৰ ধন চেনাই ঐ বগাই তই আনিবি
মোৰ ধন চেনাই ঐ কপৌফুল ঐ এপাহি দিবি

মোৰ জান দেহা ঐ হাতে মেলি মেলি
মোৰ জান দেহা ঐ কঁকাল ভাঙ্গি ভাঙ্গি
মোৰ জান দেহা ঐ উলাহত নাচিবি তই

মোৰ ধন চেনাই ঐ তোলৈ মনত পৰে
মোৰ ধন চেনাই ঐ থাকো উজাগৰে
মোৰ ধন চেনাই ঐ মোকে তই নিবিনে তই

মোৰ জান দেহা ঐ তোৰো যিয়ে গতি
মোৰ জান দেহা ঐ মোৰো সেয়ে গতি
মোৰ জান দেহা ঐ বহাগতে পাতিমে বিয়া .....................


বিহু .........

পচোঁৱা বলিছে মোৰ জান দেহা ঐ 
গছনো পাত সৰিছে 
শিমলু ঐ ফুলিলে ডালত 

বহাগৰ বতৰত মোৰ জান দেহা ঐ 
কুঁহিপাত ঐ উলাব 
প্ৰকৃতিও শুৱণী হ্' 

ফাগুনৰ পৰসত মোৰ জান দেহা ঐ 
মন মোৰ নাচে উলাহত 
বহাগ অহাৰ বতৰা পাই 

প্ৰকৃতিৰ শুৱণী মোৰ জান দেহা ঐ 
অসমৰ বহাগ মাহতি
সৌদিশে জিলিকি থাকে 

বিহুতি আহিলে মোৰ জান দেহা ঐ 
মাছে জাঁকি মাৰিলে 
কুলিয়ে ঐ বিনালে ডালত 

কুলিৰ মাতে শুনি মোৰ জান দেহা ঐ 
ৰবকে মই নোৱাৰো 
তুলিলো মই ঢোলতে চাপৰ 

ঢোলৰ মাতে শুনি মোৰ জান দেহা ঐ 
গাতে নাই তোৰ তৰণী 
বিহুনো ঐ এপাক তই নাচ 

নাচা হালি জালি মৰমৰ নাচনি 
বিহুলৈ কিমান দিন বাকী 

বিহুৰে সাঁজেৰে উলাই তই আহিবি 
আঁহতৰ তলতে থাকিম 

হাতৰে টিপতে বিহুৱান তই আনিবি
ছেগ পাই যাচিবি মোক 

পাহাৰ বগাই বগাই কপৌফুল আনিম মই 
নেঘেৰি খুপাতে গুজিম 

জান ঐ .... বিহুৰে বতৰা পালো ঐ বহনা 
বিহুৰে বতৰা ঐ পালো 
এনোৱা বিহুলৈ আশাৰে বাটে চাও 
বিহুতে মৰমে যাচো ...............................



তাঁতৰে শুৱণী বুটা বচা ফুলৰ থোপাতি ...
হালৰে শুৱণী গৰু ...
বিহুৰে শুৱণী তুমি মৰমৰ নাচনি .... 
উলায় আহা বিহুখন যোৰো .............

বিহুনাম ..........

ল্:..

তাঁতৰে ঐ শুৱণী দেহা ঐ বুটা ফুলৰ থোপাতি 
গড়কাত ঐ পিছলে ভৰি 
হালৰে ঐ শুৱণী দেহা ঐ আমাৰে ঐ বলধ দুটি 
পিতাইৰে ঐ আচলৰ ধন 

ছো:...

তুমি যে ঐ বিহুৱা দেহা ঐ মুৰত পাগে মৰা 
বিহুতে ঐ বলীয়া আমি 
ঢোলৰে চাপৰত দেহা ঐ উতলা মোৰে মন 
তোমাৰে ঐ চাপৰত নাচো 

ল্:..

বিহুৰে ঐ শুৱণী দেহা ঐ তুমি মোৰ নাচনি 
মোলৈনো চাই মিচিকি হাঁহা
উলায় আহা বিহুলৈ দেহা ঐ টিপতে বিহুৱান লৈ 
মৰমেৰে বিহুতে যাচা 

অসমৰ শুৱণী বিহুতি প্ৰকৃতিৰ ...........
কপৌফুল গছতে ঐ ফুলিল ..................
তুমি মোৰ মৰমৰ আশাৰে কাৰেঙৰ 
অহাবাৰ বিয়াখন পাতিম ............................



তোমালৈ আনিছো পাহাৰৰ কপৌফুল 
খোপাতে ঐ গুজিমে ঐ বুলি 
আহঁতৰ তলতে বিহুতি যোৰিম আমি 
ৰাতি বিহুত বিহুৱান দিবি ..................

ল্:....

মোৰ জান বাখৰ ঐ পাহাৰ বগাই বগাই 
মোৰ জান বাখৰ ঐ কপৌফুল আনিছো 
মোৰ জান বাখৰ ঐ খোপাতে গুজিমে বুলি 

ছো:....

মোৰ ধন চেনাই ঐ তাঁত শালৰ বিহুৱান 
মোৰ ধন চেনাই ঐ যতনাই কাটিলো 
মোৰ ধন চেনাই ঐ তোকে সোণ বিহুতে দিম

ল্:....

মোৰ জান বাখৰ ঐ জাঁতি বাঁহ কাটিলো 
মোৰ জান বাখৰ ঐ টকাতি সাজিলো 
মোৰ জান বাখৰ ঐ নামতি হৈ বজাবি তই 

ছো:....

মোৰ ধন চেনাই ঐ বিহু মাৰিবলৈ 
মোৰ ধন চেনাই ঐ অকলে নাজাবা 
মোৰ ধন চেনাই ঐ আমাকো লগতে নিবা 

বিহু মাৰিবলৈ উলায় তই আহিবি হাঁচতিখন লগতে লবি 
ৰাতি বিহুৰ চলতে বিহুৱান যাচিবি ঐ লগতে যাচিবি মৰম ...............



তোমালৈ দেহাজান মৰম মোৰ ধাৱমান পিৰিতি বান্ধোনে ঐ বান্ধো ............
তুমি সোন আছা ৰৈ .... কাষলৈ আহা ঐ ... আদৰৰ বিহুখন মাৰো ............

ল্:
তোমাৰ নাম ৰুপহী দেহা ঐ দেখাতে বৰ শুৱণী 
উজনিৰে নাচনী তই 

ছো:
তুমি যে বৰ ধুনীয়া দেহা ঐ ঢোলটি ঐ বজোৱা 
বিহুতে ঐ নাচিবৰ মন 

ল্: 
নাচা হালিজালি দেহা ঐ কঁকালনো ভাঙ্গি ভাঙ্গি
পিৰিতিৰে বিহুটি পাতো

ছো:
তুমি যে মোৰ মৰমৰ দেহা ঐ আশাৰে ঐ সৰগৰ
সদায় ৰাতি সপোনত দেখো 

ল্: 
তোৰে মোৰে শতৰু দেহা ঐ তোৰেনো ঐ পিতাইটো 
উলাব ঐ নিদিয়ে তোক 

ছো:
আই পিতাইক ফাঁকি দি দেহা ঐ বিহুলৈ মই আহিছো 
বিহুতে ঐ মৰমে যাঁচো..................

মৰম সোন বৰষে ..... মৰমৰ দীঘ বাণীৰে ..... 
মৰমৰ বুটা ফুল বাচে ..... 
বুকুৰ মৰমেৰে ..... চেনাই লৈ বিহুৱান ...........
বিহুৰে তলিতে যাচে .......................



জেং বিহুৰ বিহুনাম ..................

মাইকী যোজনা ........

আহো বড়ৰ তলে যাও বড়ৰ তলে 
বড়ৰে ধপলা পাত 
উলায় আহ পমিলি ৰচকী নাচনী 
ততে নাইকীয়া গাত ...........

বিহুনাম .............

চকলা টেঙাতি অকলে নাখাবা 
আমাকো এচকল দিবা 
বিহু মাৰিবলৈ অকলে নাজাবা 
আমাকো লগতে নিবা 

মাইকী যোজনা ........

নৈৰে পাৰতে চেনায়ে জাল পাতে 
মাছে আনি দিয়া খাও 
আমি সমনিয়াই বিহুতি যোৰিছো 
বাটতে পাতিছো জেঙ .................

বিহুনাম .............

গিৰিপ গাৰাপ কৰি নাচি থাকা নাচনি 
আমাৰ বিহু কাপোৰ নাই 
শাহু আইক ফাঁকি দি বিহুলৈ আহিছো 
গাতে মোৰ তৰণি নাই .......................




দেউতা ঐ ভোগালী কঙালী হ্' 
গাঁৱৰ ঘৰে ঘৰে ভঁৰাল ঘৰ শুৱনী 
সোণগুটি নোহোৱাই হ্'ল...

পুহৰ সংক্ৰান্তিত ভোগৰে ভোগালী 
অগ্নি পুজা সমাপন কৰো সমনীয়া 
ভোগৰে বিহুখন পাতো...

পথাৰত মেজি লগতে ভেলাঘৰতি 
সাঁজি আমি আনন্দ কৰো সমনীয়া 
মাঘতে মেজি পাতো... 

হাঁহে মাহে ভোজ খাও সবে আমি 
মাঘতেই ঢোলতি যোৰো সমনীয়া 
মাঘতে ঢোলতো ললো... 

কাৰোবাৰ হাঁহ,আলু,কচু আদি 
খাওঁ আমি চুৰে কৰিহে সমনীয়া 
মাঘতে ধেমালি কৰো...

কাৰোবাৰ গৰু কাৰোবাৰ গোহালীত 
বান্ধি অশান্তিও কৰো সমনীয়া 
এদিনেই ধেমালী কৰো .............



পলাশে হাঁহিলে এ জানৈ পচোঁৱাও বলিছে
এ জানৈ শিমলু ঐ ফুলিলে ডালত 

পচোঁৱাই বলিছে এ জানৈ ফাগুনৰে মাহতে 
এ জানৈ প্ৰকৃতিয়ে সলাইছে ৰূপ 

চতোৱা চৰাইয়ে এ জানৈ চ্'ততে বিনাব 
এ জানৈ বহাগৰে বতৰা দিব 

লাহে লাহে কৰি এ জানৈ বহাগে পাবহি 
এ জানৈ প্ৰকৃতিয়ে নতুন ৰূপ ল্' 

ৰূপ ৰঙে সৰাই এ জানৈ কপৌফুল ফুলিব 
এ জানৈ ফুলিব ভেবেলি লতা 

প্ৰকৃতিৰ শুৱণীত এ জানৈ মনপ্ৰাণ খুলি 
এ জানৈ কুলিয়ে বিনাব ডালত।।।।।



ফাগুনৰ পচোৱাই এ জানৈ বৰকৈয়ে বলিছে 
এ জানৈ বসন্তৰে বতৰা লৈ 

বসন্তৰ পৰসত এ জানৈ মন নাচে উলাহত 
এ জানৈ বিহুনো মাৰিবৰ মন 

চৰাই কুমলিয়া এ জানৈ উৰিবকো নোৱাৰে 
এ জানৈ ঘূৰি ঘূৰি ডালতে পৰে 

তই সোন ধুনীয়া এ জানৈ চকুত চাতে মৰা 
এ জানৈ তোলৈ মোৰ মৰম বাঢ়ে

তোৰে বৰ ককায়ে এ জানৈ দেখিব মোক নোৱাৰে 
এ জানৈ নিবনুৱা বুলি মোক হাহে 

কপালো বেয়া মোৰ এ জানৈ ভাগ্যকে মই দোষো
এ জানৈ কেনেকৈ ঐ তোক মই খোজো 

নোৱাৰো থাকিব এ জানৈ তোকে মই ননাকৈ 
এ জানৈ বেয়া বেয়া সপোনহে দেখো 

উপায়ো নাপালে এ জানৈ পলোৱাই নিম কিজানি 
এ জানৈ দুৰণিতে পলাই গৈ থাকিম ....................



ফাগুনৰ পচোৱাই ঐ গাতে চাতি মাৰিলে ঐ
বিহুচোন পাবহিৰ হ্'লে মোৰ চেনাই ঐ বিহুচোন পাবহিৰ হ্'ল ...........

বিহুৰে বতৰা এ মাকন পচোৱাই দিলেহি
এ মাকন বিহুলৈ ঐ বেছি পৰ নাই

পচোৱা বলিছে এ মাকন গছৰ পাত সৰিছে
এ মাকন ন পাত ঐ উলাবৰ হ্'

নকইনাৰ সাজেৰে এ মাকন প্ৰকৃতি সাজিব
এ মাকন কুলিটিয়ে বিনাব দালত

ঢোলটি চোৱাম মই এ মাকন নতুনকৈ চাৱনীৰে
এ মাকন বিহুতে ঐ বজামে ঢোল

তাঁতৰে শাঁলতে এ মাকন বিহুৱান খন লগাবি
এ মাকন বিহুতে ঐ যাচিবি মোক

গৰু বিহুৰ দিনাখন এ মাকন বিহুলৈ তই আহিবি
এ মাকন কপৌফুল ঐ এপাঁহি দিম

চকুৰে টিপতে এ মাকন কাষলৈ তই আহিবি
এ মাকন মুখতে ঐ হাঁহিতিলৈ ।।।।।।



জান ঐ ...... ফাগুনী আহিলে গছে পাত সলালে 
বৰদৈ চিলাৰ আগমণ ঐ ঘটিল
ন-কুঁহি উলাব মাছে জাঁকি মাৰিব ঐ 
বহাগী চোন পাবৰেই হ্'ল ....................

ফাগুনী মলয়া বলিলে 
গছ লতাই নতুন সাঁজেৰে সাঁজিলে 

গাতে পচোঁৱাই চাতি মাৰিলে 
মোৰে জান তোলৈ মনত পৰিলে 

আকৌ বহাগ পালেহি 
দিলে বসন্তৰ জাননি 
মোৰে জান ঐ বিহুৱান এখনি মোলৈ বুলিও বৈ থবি 
বিহুৰে তলিতে মোকে নো তই যাচিবি 
জান মোৰ ঐ আকৌ বহাগ ঐ .........................

যোজনা ........

পচোঁৱা বলিলে গছৰ পাত সৰালে ন ৰূপে সজাব ঐ বুলি
ন ৰূপে সাজিব প্ৰকৃতি ধুনীয়া হ্'ব দিলেহি বিহুৰে খবৰ

বিহুনাম ...........

ফাগুনৰ বা বলিছে মন আনন্দত উৰিছে
বিহু অহাৰ বতৰত তোলৈ মনত পৰে

ন কুঁহিপাত উলাব মাছে জাঁকি মাৰিব
তই মৰমীয়ে বিহুতে নাচিব ঐ লাগিব

সাঁজি কাচি আহিবি নাচনীৰ সাঁজেৰে
বিহুৱান আনিবি ঐ হাতৰে টিপতে

কাষে চাপি আহিবি বিহুৰে লাচতে
কপৌফুল ঐ গুজি দিম নেঘেৰি খোপাতে

হালি জালি নাচিবি বিহুৰ উলাহতে
মনখুলি বিহু গাম তোকে লৈ ঐ কাষতে





ঢোলৰে চাপৰত আযৈ পেঁপাৰে লহৰত 

হালি জালি নাচা আমাৰ নাচনী বহাগত 

কঁকাল ভাঙ্গি ভাঙ্গি নাচা ৰাংঢালী নাচনী

ঢোলটি বজাম মই মোৰ মন প্ৰাণ খুলি 

আহা কাষে চাপি মুখত হাঁহি আঁকি আঁকি

তোমাৰ হাঁহি দেখি মোৰ নধৰে টোপনি 

ৰাতি বিহুৰ তলিত দিম মৰম মই উজাৰি

আনে নেদেখাকৈ তোমাৰ গালত দিম চুমা আঁকি .....................



তৰাই চিকমিকালে এ জান ঐ ভয় খাব নালাগে
এ জান ঐ এৰিব সোন নালাগে ভাত ,
মনৰে মৰম এ জান ঐ সাঁচি থব নালাগে ,
এ জান ঐ মৰমনো সোন যাচিব লাগে , 
আনে মৰম দিলে এ জান ঐ মৰম যেন নালাগে 
এ জান ঐ খোঁচা বিন্ধা কৰা যেন লাগে ,
তোমাৰে মৰম এ জান ঐ আশা কৰিহে থাকো 
এ জান ঐ সপোনতো তোমাকেই দেখো ....



প্ৰকৃতিৰ শুৱণী বিহুতি বহাগীৰ ... বৰদৈচিলা ঘৰলৈ ঐ আহে ......
তুমি সোন আহিবা বিহুতে নাচিবা ... বিহু গ্'লে নাচিবা ক'ত ..................

মনে বিচাৰিছে অ দেহা বিহুতে তুমি ঐ আহিবা 

বিহুৰে তলিতে অ দেহা বিহুৱান তুমি মোক দিবা

কপৌফুল আনি দিম অ দেহা খোপাতে তুমি লবা 

তুমি মোৰ আশাৰে জোন অ দেহা অহা বহাগতে মোৰ হবা ..............



ফাগুনৰ পচোৱাই আনিলে বসন্তৰ বতৰা 
গছ বনে সলালে ঐ পাত 
বহাগী মলয়াই নাচনিৰ মন নচোৱাই ঐ 
বসন্তৰ জাননি পাই

লাগা আইদেউ এ আইদেউ 
শালত মনপুটি 
বাচা আইদেউ এ আইদেউ 
বুটাফুল এপাহি 
বসন্তৰ বতৰা পাইহে 

বিহুৱান আনিবা টিপতে লোকোৱাই 
মৰম সোন যাচিবা বিহুত হে 
পাহাৰ বগাই বগাই কপৌফুল আনিমে 
তোমাৰ সোন খোপাতে গুজিম হে 

পানী পাই বাঢ়িলে পানীৰে কলমৌ 
জেঙে পাই বাঢ়িলে জিকাহে 
তোৰে মোৰ শতৰু তোৰে বৰ ককায়েৰ 
ধৰিব নিদিয়ে লগে হে........................



মনে ঐ মোহিলে অ জান ঐ গুনীকাইৰ খুলশালিয়ে 
অ জান ঐ একোতেই চোন মন নবহা হ্'ল ....

দিনে ৰাতিয়ে চোন অ জান ঐ তোৰেনো সপোন দেখো 
অ জান ঐ পেটলৈ ভাত নোযোৱা হ্'ল ...

প্ৰথম দিনা দেখিলো অ জান ঐ গুনী কাইৰ বিয়াতে 
অ জান ঐ খোপাখোবিতো লগ পালো ..

যিটো হাঁহি অ জান ঐ তামুলনো খুৱাই চিলি জান ঐ 
নতুন চুণকে ঘঁহিলো ওঠত .... 

নতুন চূণে দাকিলো অ জান ঐ জিভাও চিঙিলে জান ঐ 
গোটেই ৰাতিটো লঘোণত গ্'ল ...



হাই হাই ..আহুধানৰ মৰণা পেলাই দে ঐ বহনা 
জোকাৰি ঐ পেলাই দে খেৰ

তোমালোকৰ পদুলিত তামোল কাটি যামে
বাকলিৰ থৈ যাম চিন

হাই হাই চিনে চাই আহিবা মাজনি ঐ চুচুক-চামাক কৰি ঐ 
চুচুক-চামাক কৰি ঐ নঙলা ঐ মাৰিবা লাছত , 

লগৰ সমনীয়াই মাজনি ঐ জোকাব তোক লাহৰি ঐ 
জোকাব তোক লাহৰি ঐ মুখ খনি লোকোৱায় নিবি


এ খুড়ীদেউ জাঁজী নৈ তনমা দিখৌ খৰস্ৰোতা 

এ খুড়ীদেউ তোৰ জীয়েৰ ধুনীয়া বিয়া দিব পৰা 

এ খুড়ীদেউ জাঁজী বৈয়ে যাব মাছে জাকি মাৰিব 

এ খুড়ীদেউ জীয়েৰ পলাই যাব সমাজে হাঁহিব 

তাতকৈ খুড়ীদেউ মোলৈকে দিবি ঐ 

লৈ আহিম ঘৰলৈ দহোজনক লগতে লৈ .................






No comments:

Post a Comment