Sunday, 16 September 2012

মোৰ কবিতা 3



দিনৰ পৰিসমাপ্তি

আৰু এটা দিনৰ পৰিসমাপ্তি হ্'
জীৱন যাত্ৰাৰ আৰু এটা কমি গ্'

নতুন উদ্দেশ্যৰে নতুন সিদ্ধান্ত লবলৈ
আৰু কিছু দিনহে আমাৰ বাছি ৰ্'

অসমৰ কথা চিন্তা কৰা সকলৰ সময়ৰ
মুল্য দিনক দিনে দুগুণে বাঢ়িহে গ্'

চিন্তাশীল সকল চিন্তাত বিঘ্নিত হ্'
মুৰ্খৰ হাঁহিয়ে জীৱনটো পাৰ হৈ গ্'

আজিৰ কাম নহ্ল কাইলৈ কৰিম
এনেকৈ দিন আহি আহি গুচি গ্

এজনৰ গাৰ দোষ আনক যাঁচি থাকোতেই
দিনক দিনে অসম ৰসাতলে যাবৰ হ্

অসৎ দুৰ্নীতিক নীতিজ্ঞান কৰাহে হ্
জয় আই অসম ধ্বনি মাত্ৰ ভাষণত
ব্যৱহৃত শুৱণী শব্দহে হৈ পৰিবৰ হ্ল।।।



লাল টুপিৰ বিলৈ

ঐ মই কোন চিনি পোৱা নাই হা
থানাত নি ৰাম ধুলাই দিম তোক

'চি চাৰে মোক কৈ পঠাইছে
তোৰ পৰা ভাল মাছ নিবলৈ

দিলে ভালে ভালে এক কেজি দে
পেটু খিনি বেলেগকৈ ভৰাই দে

ভাল মাছ পালে আমাকো খোৱাবি
নহলে কেছত পালে দগৰি মাৰ খাবি

হেৰা পেটুখিনিকে বলোৱা ভাল মাছৰ
ভাল হ্'ব খাবলৈ মাছখিনি ছাৰৰ ভাগৰ

ইয়েচ ছাৰ ভাল ছাৰ মোৰ ডিউটি ক্'
হে প্ৰভু বচাবা সেইগাল চৰকাৰী ভুত

দাদা সকল কিবা প্ৰয়োজন হ্'লে ক্'
অসুৰ অসন্তুস্ত হ্'লে মোৰ চাকৰি যাব

চৰ ভুকু লাঠি গোৰ খালেও হাঁহি থাকিম
ট্ৰেঞ্চফাৰ হ্'লেও মই নিগমে মৰিম

হে প্ৰভু দয়াময় কিনো তোমাৰ লীলা
এই লাল টুপিৰ বিলৈ জানিবা নিশ্চয় ।।



শান্ত সুৰুজৰ অস্ত গ'


শান্ত সুৰুজৰ অস্ত গ'
কালৰাত্ৰিৰ আন্ধাৰ
নামিবৰ আৰম্ভ হ্'

সৎ চৰিত্ৰবান মানুহৰ
নিজ পঁজালৈ সোমালত
কু-চৰিত্ৰৰ আগমণ হ্'

অসমৰ সুদিনৰ অৱসান
ঘটাই একনায়কত্ববাদীৰ
তেজপিয়াৰ শাসন হ'

উন্নতিৰ আশা কৰি থাকোতেই
অসমত অসমীয়াৰ আছিল
বুলি বুৰঞ্জীত নাম খোদিত হ্'

ৰৈ বহি থকাৰ দিন পাৰহ্'
এজন দুজনকৈ লগলাগি
জনজাগৰণৰ সৃষ্টি কৰিবৰ হ্'।।।


মোৰ মন

অলেখ মৰম যাচিবলৈ মন
আলিঙ্গন কৰিবৰো মন
অন্তৰৰ নিভৃত কোণত
সাঁচি ৰাখিবৰো মন যায়

তুমি দুৰে দুৰে চাই যোৱা
চকুৰ চাৱণীয়ে কৈ যোৱা
যেন আহা সোণ কাষলৈ
অলপ মৰম ঢালি দিয়া

হাঁহি আৰু চকুৰ ভাষাই
চিঞৰি চিঞৰি কৈ যায়
আবেগত সাবতি মোৰ
গাল দিবা চুমাৰে উপচাই

মোৰো মন যাই তোমাৰ
প্ৰেমক সন্মান জনাই
মৰমেৰে আকোঁৱালি লম
তোমাক জীৱন জোৰাই


উৰুকাৰ দিনাই চেনাই পাবহি

ফাগুনৰ পচোঁৱা বলিছে শিপিনিৰ তাঁত শালত
ঘনাই মাকোঁ সৰিছে টোলোঠাও বাগৰি পৰিছে

নৱবৰ্ষৰ বাতৰি পাই শিপিনিৰ তৎতে নাই
তাঁত শালৰ বিহুৱানত বুটা বাচি হোৱাই নাই

থৌকি বাথৌ লাগিল প্ৰিয়জন অহাৰ বতৰা আহিল
উলাহত বিহু নাচিম হেপাঁহেৰে বিহুৱান যাছিম

উৰুকাৰ দিনাই চেনাই পাবহি দিন চেৰেক থাকিবহি
ঢোল পেঁপা বাই আমাৰ নাচনিৰ মন প্ৰাণ জুৰাবহি

আকৌ ফাগুন পালেহি দিলে বহাগ বিহুৰ বতৰা জাননি
দুৰণিত চাকৰি কৰা মোৰ চেনাই বিহুতে উলাবহি ।।।।



বুজিবই নোৱাৰো

হাঁহি কান্দোনৰ স্থল মনিবই নোৱাৰো

কাৰণ তোমাক বুজিবই নোৱাৰো

কি ক্ষেত্ৰত হাঁহিবা নাইবা কান্দিবা

আজি প্ৰৰ্য্যন্ত মহিমাই নুবোজিলো

মহান মহান দাৰ্শনিক তত্ব মতে

মানুহৰ হাঁহি কান্দোনেইতো জীৱন

অনৰ্থক কথাত হাঁহি কান্দোন কিয়

বহুবাৰ বুজাই নিৰুপাই হৈ ভাগৰি

সিদ্ধান্ত ললো অনৰ্থক মুল্যৱান সময়

ভাগিনি জনীৰ লগত ব্যয় কৰিলো।।।।


ফাগুনৰে পচোঁৱাই গাতে চাতি মাৰি যায়

ফাগুনৰে পচোঁৱাই গাতে চাতি মাৰি যায়
মনতনো ভাল লাগে বসন্তৰ বাতৰি পাই

শৈশৱৰে দিনতে চিলা উৰাই থাকোতে
তুমিনো কান্দিছিনা চিলা কাটি দিলতে

লগৰ সমনিয়া জোকাইছিলে তোমাকে
তুমি বহি দিছিলা পথাৰৰে নৰাতে

আজিও মনত আমাৰনো শৈশৱলে
দুয়ো খেলিছিলো হাতত ধৰা ধৰিকে

শৈশৱ বাগৰি গ্ল যৌৱন আৰম্ভ হ্
দুয়ো নজনাকে পিৰিতিৰ এনাজৰি হ্

অহানো বহাগতে বিহু মাৰিম উলাহতে
আগতিয়াকৈ ঢোলটি চোৱাই থৈছো

অতিকৈ চেনেহৰে বহাগতে বিহুতে
আমি বিহু মাৰো আহঁত তলতে

আহঁত তলতে আমি বিহুনাম যোৰিম গৈ
নাচনিৰ সাজেৰে আহিবা সোন বিহুলৈ

বহাগৰে বিহুতে তুমিনো নানাচিলে
বিহুতে মন নবহে ময়ো সফল দেকাযে

বিহুলৈ আহিবা কঁকাল ভাঙ্গি ভাঙ্গি নাচিবা
নাচৰে ঐ চলতে কাষে চাপি আহিবা ।।।




মৰম নুবোজাৰ

তুমি মৰম নুবোজাৰ ভাও যোৰা
অনুভুতিকো সন্মান দিব নোখোজা
এশ শতাংশই বুজিও গুৰুত্ব নিদিয়া
অভিমানত গঙ্গাটোপ যেন হৈ থাকা

নতুন ধনীৰ মিছা গৌৰৱৰ দৰেই
প্ৰাক যৌৱনপ্ৰাপ্ত গৌৰৱৰ মাত্ৰ প্ৰকাশ
এদিন বুজিবা যৌৱন নহয় চিৰযুগমীয়া
যৌৱন ভাটি দিলে কি লৈ গৌৰৱ কৰিবা





যৌবনৰ সম্পদ
তুমি মৰম নুবোজাৰ ভাও যোৰা
অনুভুতিকো সন্মান দিব নোখোজা

এশ শতাংশই বুজিও গুৰুত্ব নিদিয়া
অভিমানত গঙ্গাটোপ যেন হৈ থাকা

নতুন ধনীৰ মিছা গৌৰৱৰ দৰেই
প্ৰাক যৌৱনপ্ৰাপ্ত গৌৰৱৰ মাত্ৰ প্ৰকাশ

এদিন বুজিবা যৌৱন নহয় চিৰযুগমীয়া
যৌৱন ভাটি দিলে কি লৈ গৌৰৱ কৰিবা

সময় আৰু সম্পদ অপব্যয় নকৰাটো ভাল
কিন্তু সম্পদক লৈ গৌৰৱ কৰি মতা হয় কাল

সময়ো বাগৰি থাকিব লগতে যৌৱনেও ভাটি দিব
সমাজৰ আৰ্শীবাদ লৈ আন এজনৰ হবগৈ লাগিব

সযতনে সাঁচি ৰখা সম্পদ আনক আৰ্পিব লাগিব
তেতিয়া লৈকে যৌবনৰ সম্পদ প্ৰবিত্ৰ থাকিব লাগিব ।।।।



চন্দ হেৰাই গ্'

বিধিৰ বিপাকত মোৰ কিযে হৈ গ্'
জীৱনৰ গতিপথ থাউকতে সলনি হৈ গ্'

জীৱনৰ লক্ষ্য আশাবোৰ হঠাৎ হেৰাই গ্'
তাঁচ পাতৰ ৰাজকাৰেঙৰ দৰে খহি গ্'

ক্ষণিকতে মই সমাজচ্যুত হোৱা যেন ভাৱ হ্'
আতুৰত কাৰো সঁহাৰিৰ মোৰ ভাগ্যত নহ্'

সৌদিশ কালৰূপী অন্ধকাৰত যেন গ্ৰাস হ'
মৃতদেহ কুকুৰ শৃংগালৰ ভক্ষণৰ বাবে পৰি ৰ্'

সকলো শেষ হৈ মাটিৰ মানুহ মাটিত মিলি গ্'
মাত্ৰ কম বয়সতে মোৰ জীৱনৰ চন্দ হেৰাই গ্'



তোমাক লৈ

তোমাক লৈ ফাকুৱা খেলিবৰ মন যায় 

যদিওবা তুমি বৰ্তমান পূৰ্ণ যৌৱনা 

বিবাহযোগ্য আটকধুনিয়া গাভৰু

শৈশৱৰ একমাত্ৰ বান্ধবী তুমি ৰূপহী 

এটি এটিকৈ বছৰ বাগৰি হলাহি তুমি 

সুনয়না চঞ্চলা ভৰযৌৱনা সুন্দৰী


অধিকাৰ নাই 


স্বাধীনচেতীয়া মনে নামানে বুজনি
তুমিয়েই আপোন মোৰ জননি

জননি জন্মভূমি স্বৰ্গদাপী গৰিয়সী
সকলোতকৈ প্ৰিয় আই অসমী

তোমাৰ সন্তান কোনোৱে সুখত নাই
সমাধান কৰাৰ ক্ষমতা কাৰোৰে নাই

ব্যক্তিগত স্বাৰ্থত সকলোৱে বলিয়ান
পশ্চিমীয়া আদৰ্শত সকলো ধাৱমান

সকলোৰে সামাজিক দায়বদ্ধতা থাকে
দায়বদ্ধতা মানিবলৈ কিঞ্ছিতো সময় নাথাকে

মাতৃৰ সন্মানৰ ৰক্ষাৰ প্ৰতিও ইচ্ছা নাই
মাতৃৰ চিনাকি দিয়াৰো আৱশ্যক নাই

অসম মাতৃৰ প্ৰতি যেতিয়া কাৰো সময় নাই
অসমীয়া বুলি চিনাকি দিয়াৰো অধিকাৰ নাই  ।।।।।



দেউতা ঐ ভোগালী কঙালী হ্' 
গাঁৱৰ ঘৰে ঘৰে ভঁৰাল ঘৰ শুৱনী 
সোণগুটি নোহোৱাই হ্'ল...

পুহৰ সংক্ৰান্তিত ভোগৰে ভোগালী 
অগ্নি পুজা সমাপন কৰো সমনীয়া 
ভোগৰে বিহুখন পাতো...

পথাৰত মেজি লগতে ভেলাঘৰতি 
সাঁজি আমি আনন্দ কৰো সমনীয়া 
মাঘতে মেজি পাতো... 

হাঁহে মাহে ভোজ খাও সবে আমি 
মাঘতেই ঢোলতি যোৰো সমনীয়া 
মাঘতে ঢোলতো ললো... 

কাৰোবাৰ হাঁহ,আলু,কচু আদি 
খাওঁ আমি চুৰে কৰিহে সমনীয়া 
মাঘতে ধেমালি কৰো...

কাৰোবাৰ গৰু কাৰোবাৰ গোহালীত 
বান্ধি অশান্তিও কৰো সমনীয়া 
এদিনেই ধেমালী কৰো .............


No comments:

Post a Comment