বাৰিষাৰ বলিয়া বান
অসমৰ অসমীয়া
স্বভাৱতে বাৰিষাৰ
বলিয়া বানৰ নিচিনা নিকি
বৰষুণ বাৰুকৈয়ে
দি থাকিলে অসমখন
বানপানীত ডুবি থাকে
বান আহিলেহে
মাথাউৰিৰ সৃষ্টি হয়
আধা নিৰ্মাণতে পৰি ৰয়
নানা সমস্যাৰে
জৰ্জৰিত হৈও নিমাতে
সকলোৱে দেখিহে থাকে
বৃহৎ কেলেংকাৰিৰ
সমাধান সুত্ৰ সদায়ে
মাত্ৰ কেইটা ফাইল হয়
কোনোৱে কৰিলেহে
সকলোৱে মুৰ দাঙি দেখে
নতুবা হাত সাবতি বহি থাকে
অসমীয়াৰ বিপদকাল
আজি যে সকলোৰে জ্ঞাত
প্ৰতিবাদ মইনো অকলে কিয় কৰো
বাৰিষাৰ ঢলৰ দৰেই
প্ৰতিবাদবোৰৰ ঢল বয়
মৌখিক চুক্তিৰ আশাতে শেষ হয়
প্ৰতিবাদ সকলোৱে কৰিছে
আমিওনো কিয় বহি থাকিম
লোকচক্ষুৰ আগত আমিও জিলিকিম
সকলো প্ৰতিবাদৰ শেষত
উদাৰ অসমীয়াক আশাক ঠগি
মাত্ৰ এখন বহুমুখি চুক্তিহে
সম্পন্ন হয়
বানপানীৰ শেষত মাথাউৰি
দশোদিশ কপোঁৱা প্ৰতিবাদৰ
শেষত চুক্তি হয়
মাথাউৰি সম্পূৰ্ণ নহয়
.... অসমৰ চুক্তি সম্পাদিত নহয়
..............
অসমীয়াৰ শেষ
সদ্যজাত শিশু লৈ মোৰ
হৃদয় উজাৰি মৰম জাগে
তাহাঁতৰ কঠিন ভৱিষ্যতৰ
কল্পনাতে চকুলো নিগৰে
অনাগত কঠিন ভৱিষ্যতৰ
যুঁজৰ যুদ্ধা হবগৈ সিহঁত
প্ৰতিদিন খাদ্যৰ অভাৱত
পাৰিবনে বাৰু মুখামুখি হব
নিজৰ তেজৰে ভায়েকক
নিজ হাতে জানো কাটিব
হাজাৰ জ্ঞানীলোকে কলেও
মই কোনোদিনাই নামানো
সমুখতে সকলো দেখি আছো
অসমত দুৰ্ভিক্ষযে সমাগত
আজি প্ৰৰ্য্যন্ত সলনি নহল
চুক্তিৰ উপৰিও চুক্তিহে হব
অসমতে অসমীয়াৰ শেষ
কাৰ্য্যত মাত্ৰ সপোন হব ।।।।
.............. প্লাবন বিজয় .........
বাংলাদেশী খেদো
সস্তীয়া প্ৰসাধানেৰে
বৰ্তমানৰ
আধুনিক বুলি নিজকে সাজি
কাকনো অভূৱা ভৰি আছা
নিজকে নিজেই বহুৱালি কৰি
তুমি মুকলিকৈ কাজিয়া নকৰা
অন্তৰদণ্ডত ভুগি ভুগি মৰা
খোলাকৈ সকলো কথা কৈ দিয়া
উচতাই জোল খাম বুলি নাভাবিবা
ভৱিষ্যত সংকটাপূৰ্ণ সকলোৱে
জানা
প্ৰতিবাদ কৰিবলৈ কিয় সাহস
নকৰা
অতিতৰ সোণৰ অসমৰ আমি অসমীয়া
বৰ্তমান নিজৰ অসমতে আমি
নিশকতীয়া
অভিমানেই আমাৰ অধঃপতনৰ মুল
কাৰণ
সকলো লগ বান্ধিলে আমি লৌহৰ
দৰে সবল
আহা আহা সকলো আগবাঢ়ি উলাই
আহা
কঁকালত টঙালি বান্ধি
বাংলাদেশী খেদো আহা .............................. প্লাবন বিজয় ............
প্ৰতিশ্ৰুতিবোৰ সদায়ে ধৰ্ষিত
হয়
কোনোবাদিনা শান্তিকামী জনতাৰ
প্ৰতিবাদী কণ্ঠত জুই নিৰ্গত
হব
একো কাণষাৰ নকৰা চৰকাৰৰ
প্ৰতি ক্ষেভিত হৈ সসস্ত্ৰ
পন্থা লব
তেতিয়ালৈ অসমত পুনঃ জুই
লাগিব
নিৰিহ জনগনৰ পুনৰ বলিৰ পঠা
হব
একো বুজি নাপাই নে বাৰু
অদুৰদৰ্শী
ৰাজপাতৰ বহি থকাটোৱে নিকি
মূলনীতি
এইবাৰ কিন্তু অস্ত্ৰ ললে
কোনো নাবাচিব
কাৰণ আগৰ ঠগবাজীত কোনো নপৰিব
বহুবাৰ চুক্তিৰ নামত মাত্ৰ
অসমীয়াক
আকাশত এখন চাং পাতিহে দিয়া
হয়
দুৰৰ পৰা দেখিয়েই তৃপ্তি লাভ
কৰা হয়
প্ৰতিশ্ৰুতিবোৰক সদায়ে
ধৰ্ষিত হৈ ৰয়
কিমান আৰু টেঙা আম অসমীয়াক
বেচিব
এইবাৰ অসমত বেপাৰীয়ে নিষ্ঠাৰ
নাপাব
দুদিনমানতে হলে অসমত শান্তিৰ
নৈ বৈ যাব
নাইবা চৰকাৰী প্ৰৰোচনাত তেজৰ
নৈ বৈ থাকিব ।।।।।। প্লাবন বিজয়
সত্য হব
শীতৰ আগমণ লৈ
বৰষূণ আহিল
উৎকট গৰমৰ পৰা
মুক্তি মিলিল
পৃথিৱীৰ নিজা প্ৰকৃতি
সলনি হৈ আছে
মানুহৰ মন প্ৰাণৰ
পৰিৱৰ্ত্তনহে নাহে
সকলোৱে কৈ থাকে
মানুহ পৰিৱৰ্ত্তনশীন
দেখাতহে উন্নতিশীল
মূলত অৱনতিশীল
ডাকৰ বচনতে কৈ থৈছে
কলিৰ যুগত সকলো
ধ্বংস হৈ শেষ হব
আমি মানি নললেও কিন্তু
ই নিশ্চয়কৈ সত্য হব ।।।।।।।।। প্লাবন বিজয় ....................
ভীৰু নাইবা কুটিল
ঢৌতে খৰ মৰা বহুত
ডাঙৰ ডাঙৰ বিপ্লৱীৰ সাক্ষাত
পাইছিলো
মাত্ৰ কেইদিন মানৰ আগেয়ে
অসমত হোৱা
অশান্তি গোষ্ঠিগত সংঘৰ্ষৰ
আলমতে
এতিয়া সেইসকল ক'ত
আজিকালি তেওঁলোকৰ মাত
নাইশুনা
চাৰিওফালে জুইৰ শিখা জ্বলি
আছে
বৰ্ত্তমানেও অশান্তি মানুহ
মৰিয়েই আছে
অসমত শান্তি ঘুৰি অহা নাই
বাংলাদেশীও এটাও খেদা হোৱাই
নাই
মাজে মাজেহে চলি আছে সামুহিক
প্ৰতিবাদী যাত্ৰা
কিয় তেওঁলোক বৰ্ত্তমান হাত
সাবতি বহি আছে
মই একো ধৰিব পৰা নাই
তেওঁলোকে ভয় খালে নিকি
নাইবা দল বদলাই নিজৰ
সুৰক্ষাৰ পথ বিছাৰি লৈছে নিকি
ৰাইজৰ ভিৰৰ মাজতে থাকি
সামুহিক আন্দোলনত নিজৰ
মুখ লুকুৱাই চিঞৰি আনক উচনি
দিহে ভালপাই
তেওঁলোক ভীৰু নাইবা কুটিল
তেনে বিপ্লবীক লৈ আন্দোলনৰ
সফলতাৰ আশা কৰাটো কঠিন
নিজৰ ভেটি চলে বলে কৌশলেৰে
নিজৰ নামতে অধিকাৰ কৰি ৰাখি
আনক তেওঁলোকে দিব পাৰে
দাও-দাওকৈ জ্ব্লি থকা জুইলৈ ঠেলা মাৰি ।।।।।।।
প্লাবন বিজয় ..
অসমীয়া ঐক্য
ভক্তিৰে নাম লোৱা
অহে ভকত গণ
জিকিৰ গাবলৈ লোৱা
মোৰে ভাই সকল
এই ভৱ সংসাৰত
দুয়ো মিলি থাকা হে বান্ধৱ
শংকৰ আজানে কৈ যায়
আমি সহোদৰ ভাই
গুৰুৰ আজ্ঞা পালন কৰো
মৰমৰ ডোলেৰে বান্ধো
সদায়
একতাৰ এনাজৰীৰে
আমি অসমীয়া ঐক্যতাৰ ডোলেৰে
......................................
সমাধান হওঁক
উছতনি দি নাথাকিবি
ফলাফল হাততে পাবি
ফিৰিঙতিয়েই খাণ্ডৱ দহন হবি
বেছিকৈ অঙঠাও ফুঃ মাৰি
নাথাকিবি
দাওদাওকৈ জ্বলিছিল
এতিয়া জুই জ্বলি শেষ হৈছেহে
তহঁতৰনো আকৌ কি উৎপাত লাগিছে
সেহঁনি চোঁচাতহে গাত জুই
জ্বলিবলৈ ধৰিছে
পাৰ যদি এটা সহায় কৰ
ভগৱানক অসমৰ হৈ প্ৰাৰ্থনা কৰ
সকলো সমস্যা সোনকালে সমাধান
হওঁক
যোগ্যজনে যোগ্যতাৰ ভিত্তিত
বসুন্ধৰাতে বসতি পাওঁক ................
সমাধান হওঁক
উছতনি দি নাথাকিবি
ফলাফল হাততে পাবি
ফিৰিঙতিয়েই খাণ্ডৱ দহন হবি
বেছিকৈ অঙঠাও ফুঃ মাৰি
নাথাকিবি
দাওদাওকৈ জ্বলিছিল
এতিয়া জুই জ্বলি শেষ হৈছেহে
তহঁতৰনো আকৌ কি উৎপাত লাগিছে
সেহঁনি চোঁচাতহে গাত জুই
জ্বলিবলৈ ধৰিছে
পাৰ যদি এটা সহায় কৰ
ভগৱানক অসমৰ হৈ প্ৰাৰ্থনা কৰ
সকলো সমস্যা সোনকালে সমাধান
হওঁক
যোগ্যজনে যোগ্যতাৰ ভিত্তিত
বসুন্ধৰাতে বসতি পাওঁক ................
কৰিম ছাৰখাৰ .........
মোৰ নিৰৱতাত তই সুযোগ নলবি
মিছা ধাৰণা লৈ আষ্ফালন
নকৰিবি
বীৰৰ লক্ষণ পৰিপক্ক সদায়
সুষ্ঠিৰ
এটা প্ৰহাৰতে হৈ পৰিবি
ধাৰাষাৰি
সতৰ্ক কৰি কৈছো ভালকৈয়ে থাক
শান্তিৰে অসমত বসবাস কৰি থাক
শুই থকা বীৰক জগাই তই নলবি
তেজেৰে তুমৰলি হৈ মাটিত
মিলিবি
বিদেশী হৈ মাতৃভূমিত
নিচিঞৰিবি
খিলঞ্জীয়া অসমীয়াক জংগী
নকৰিবি
চোৰকৈহে সোমালি বিদেশৰ পৰা
অসমৰ বীৰৰ বুৰঞ্জীও নাই জনা
আমি অসম বীৰ লাচিতৰে সন্তান
নকৰো ভ্ৰুক্ষেপ শত্ৰু বধ
কৰাত
মাৰিবও পাৰো মৰিবলৈও ভয় নকৰো
জাতিৰ মঙ্গল সদায়ে কামণা কৰো
অসম দেশ আমাৰ জাতিও আমাৰ
শত্ৰুক বধি আমি কৰিম ছাৰখাৰ
...........................................................
আমাৰে জাতি ভাই
লাগিছিল মাত্ৰ ভাৰতৰ এটা
কোনত জুই
লাগিছিল অসমৰে খিলঞ্জীয়া বড়ো
আৰু
নামত সংখ্যালঘুৰ নামধাৰী
সংখ্যালঘুবোৰ
জুইৰ ছিটিকনি নপৰিল অসমৰে আন
ঠাইত
পৰিলগৈ আকৌ হাইদৰাবাদ আৰু
মুম্বাইত
মন্ত্ৰ এটাই বাংলাদেশী হলেও
আমাৰে জাতি ভাই
ঠায়ে ঠায়ে লাগিছে ভাৰতৰ
ধৰ্মৰ নামতে যুদ্ধ
ৰাজনিতীবিদে মিলাই আছে মাত্ৰ
নিজা অংক
লাগিলে ধ্বংস হৈ যাওঁক ভাৰত
ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ......................
প্ৰস্তুত হৈ থাকিবি
মোক উগ্ৰ জাতিয়তাবাদী বুলি
তই উপহাস কৰিলে কি হব
যিদিনা তোৰ ঘৰ বিদেশীৰ হব
তেতিয়াহে তেজ উঠলি উঠিব
হয়তো তোৰ আত্মীয়ৰ মৃত্যু হব
তেতিয়ালৈ বহুত সময়ৰ পলম হব
সময় থাকোতেই সতৰ্ক হৈ থাক
সাজি থাক অসমীয়া বীৰৰ সাজেৰে
মুৰত মাৰি ল গামোচাৰে এটা
পাগ
ঢাল তৰোৱাল লৈ সাজু হৈ থাক
আগবাঢ়ি অহাক সন্মুখতে কাটিবি
পলাই গলেও কচুকটাদি কাটিবি
ৰাতিৰ যুঁজতো পিছ পৰি
নাথাকিবি
এই যুঁজত অসমীয়াৰ নাম আছে
জানিবি
সকলো সময়তে প্ৰস্তুত হৈ
থাকিবি
জননী জন্মভূমি স্বৰ্গদাপী
গৰিয়সী ..............
অসমীৰ হকে প্ৰতিবাদ কৰা
বোবা হৈ আৰু কিমান দিন
অত্যাচাৰবোৰ সহ্য কৰিয়ে
কান্দি কান্দি জীয়াই থাকিবা
অলপ নিজকে উলিয়াই আনা
চেষ্টা কৰা বিদ্ৰোহ কৰিবলৈ
সফলতাত তুমিয়েইতো হাঁহিবা
আন্ধাৰত পোহৰৰ দীপ জ্বলোৱা
অন্তৰৰ ক্ষোভ উজাৰি কৈ দিয়া
তোমাৰ যুঁজৰ সতীৰ্থ আৰু পাবা
সুখত জঁপিয়াবলৈ বহুতক পাবা
দুখৰ সংগী দুজনমানহে পাবা
সেইকিজনহে সৎ মানুহ জানিবা
অত্যাচাৰীৰ অত্যাচাৰ নসহিবা
লাচিত, মূলাগাভৰু আৰু সাধনীৰ
দেশৰে নহয়নে বাৰু আমি অসমীয়া
দুষ্টক দমন কৰিবলৈ সাজো হোৱা
আমি সকলোৱে মাৰবান্ধো আহা
আই অসমীৰ হকে প্ৰতিবাদ কৰা
মুৰ দাঙি জীয়াবলৈ সাজু হোৱা
জীৱনটোক উপভোগ কৰো আহা
অন্তৰৰ মলিবোৰ ধুই মুকলি
হোৱা ।।।।।।
সময় থাকোতেই নিৰাপদ কৰো আমি
..........
অসমত আহোম শাসনৰো পৰিসমাপ্তি
হ্'ল
অংগক্ষতজনেও শাসন ভাৰ লব পৰা
হ্'ল
বুঢ়া লোকে কয় কণা কুঁজা
লেঙ্গুৰ ভেঙ্গুৰ
পৃথিৱীৰ আটাইতকৈ হাৰামৰ নেগুৰ
সেয়ে হয়টো নিদিছিল অসমৰ শাসন
ভাৰ
কৰি পেলাবও পাৰে সোণৰ অসম
ছাৰখাৰ
বৰ্তমান অসমৰ শাসন ব্যৱস্থাৰ
যিটো হে গতি
অংগক্ষতেও ভালকৈ শাসন কৰিলে
হেতেন নিকি
চাৰিওফালে মিথ্যাচাৰ অন্যায়
অত্যাচাৰৰ সমদল
দুৰ্ভিক্ষ হবলৈ আৰু বাকী
আছেনো কেইটা পল
যিমানেই হৈ থকা অন্যায়
অবিচাৰ দেখি শুনি শুনি
ক্ষোভৰ দাবানল কোনোবাদিনা
জ্বলিব দপদপায় নিকি
সহি সামৰি বহি খাই শুই থকা
দিনবোৰ উকলি গ্'ল
প্ৰতিবাদ কৰিবলৈ সময় হাতত
মাত্ৰ কেইটামান হে ৰ্'ল
আই অসমীৰ বুকু ফালি সকলো
সম্পদ আজুৰি নি নি
এদিন সম্পূৰ্ণ উকা কৰি বাদ
দিব অসম উন্নতিৰ নীতি
সময় হাতত বাচি থাকোতেই ঘৰ
বিভীষণবোৰ খেদি
পৰিষ্কাৰ কৰি পেলাও আহা আমাৰ
আই অসম ভূমি
সকলোৱে মিলি যোগ্যতা বাচনি
কৰি দ্বায়িত্ব প্ৰ্দান কৰো
নিজৰ ঘৰ খনক সময় থাকোতেই
নিৰাপদ কৰো আমি ............
আকৌ নতুন সুৰুজ উলাব
অসমত আকৌ নতুন সুৰুজ উলাব
সকলো নিয়ন নীতিৰ সলনি হ্'ব
সৎ আদৰ্শৰে নতুন যুগৰ সুচনা
হ্'ব
আমাৰ অসমীয়াৰ মুক্ত মনৰ
সুচনা হ্'ব
মুক্তিৰ বাবে সাম,দাম,দন্দ,ভেদ প্ৰয়োগ হ্'ব
আৰু হয়তো বহুতো বীৰ বিৰঙ্গনা
শ্বহীদ হ্'ব
কালিকা লগা দুৰ্যোগৰ
কালৰাত্ৰিৰ শেষত সুপ্ৰভাত হ্'ব
সকলোৱে একেস্বৰে মাতৃভমিৰ
নামেৰে জয় আই অসম চিঞৰিব।।।
মাতৃভূমি অসমীৰ মাতৃভাষা
নিজ মাতৃভাষাক নেউচি অসমীয়াই
আমি অসমীয়া বুলি
মিছা আষ্ফালন কৰাৰ অভ্যাস
ত্যাগ দিবৰ হ'ল।
সকলো কথাটে উদাৰ মনোভাৱ পোষণ
কৰোতে কৰোতে
মাতৃভাষাৰ লগতে মাতৃভূমি অসম
ৰসাতলে যাবৰ উপক্ৰম হ'ল।
" চিৰ চেনেহী মোৰ ভাষা জননীৰ " বুলি উচ্চাৰণ কৰা বহুতো নেতাৰ
নেতৃত্বৰ স্থান দখল কৰাৰ এটি
উত্তম উপায়হে মাত্ৰ আমি বুজিবৰ হ'ল।
মাতৃভুমিৰ উদ্ধাৰৰ নামত
বহুবাৰ মাতৃভূমিক কলংকৰ কালিমা সনা হ্'ল
মাতৃভাষা, কৃষ্টি-সংস্কৃতি এৰি অত্যাধুনিকতাৰ ভাও দিয়া হ্'ল ।
ইমানখিনিয়েই যথেষ্ঠ হৈছেগৈ
আৰু জোৰ পুৰি হাত পাবহিৰে সময় হ্'ল
মাতৃভূমি অসমীৰ মাতৃভাষাটোক
জীয়াই ৰখাৰ চেষ্টা কৰিবৰ সময় হ্'ল।।।।
আত্মসমালোচনা কৰক
কিমান আৰু বাধা মানিম সদায়
কিমান আৰু ভয়ত থাকিম
ইফালে যাওঁ চৰকাৰী
নিষেধাজ্ঞা
সিফালে বিদ্ৰোহীৰ পথ বন্ধ ।
নিংসকোচে ক'তো যাবই নোৱাৰি
দহ জনে কথা পাতিব নোৱাৰি ।
ৰাইজ বাবেই ৰাইজৰ চৰকাৰ হোঃ
তেজ শুহি শুহি ৰাইজৰ কৰিছে
পতন ।
ৰাইজৰ নামত নতুন নতুন আঁচনি
আহিছে
বিদেশী বণিয়াই মুলধন ৰাখি
কমিছন দিছে ।
অন্য দেশত জন্ম নিয়ন্ত্ৰণৰ
সৰ্বোত্তম আঁচনি আছে
অসমত জন্ম দিলেহে আঁচনি পইছা
মাতৃক যাঁচে ।
ইটোৰ পিছত সিটো সমস্যাত সদা
ভুক্তভুগী আমি
সমাধান সুত্ৰৰ বাবেও বহি আছে
কেন্দ্ৰত কমিতি ।
সমস্যাৰ সমাধান কৰিব বিষয়টোৰ
অজ্ঞ জনেহে পাৰে
অনভিজ্ঞজনে সমস্যাৰ সমাধান
কি কৰিব পাৰে ।।।।
অধিকাৰ নাই
স্বাধীনচেতীয়া মনে নামানে
বুজনি
তুমিয়েই আপোন মোৰ জননি
জননি জন্মভূমি স্বৰ্গদাপী
গৰিয়সী
সকলোতকৈ প্ৰিয় আই অসমী
তোমাৰ সন্তান কোনোৱে সুখত
নাই
সমাধান কৰাৰ ক্ষমতা কাৰোৰে
নাই
ব্যক্তিগত স্বাৰ্থত সকলোৱে
বলিয়ান
পশ্চিমীয়া আদৰ্শত সকলো
ধাৱমান
সকলোৰে সামাজিক দায়বদ্ধতা
থাকে
দায়বদ্ধতা মানিবলৈ কিঞ্ছিতো
সময় নাথাকে
মাতৃৰ সন্মানৰ ৰক্ষাৰ প্ৰতিও
ইচ্ছা নাই
মাতৃৰ চিনাকি দিয়াৰো আৱশ্যক
নাই
অসম মাতৃৰ প্ৰতি যেতিয়া কাৰো
সময় নাই
অসমীয়া বুলি চিনাকি দিয়াৰো
অধিকাৰ নাই ।।।।।
মাতৃভূমি আই অসমী
মাজৰাতিৰ নিস্তদ্ধতা ফালি
ৰিণিকি অহা কৰুণ উচুপনি
তোমালোকে বাৰু শুনিছানে
হয়তো মোৰ বিদ্ৰোহী মনৰ
মাত্ৰ সুক্ষ্ম জাগ্ৰত
অনুভূতি
সমস্যাজৰ্জৰ হৃদয়ৰ ভাষা
উৎগীৰন হব লগা সুপ্ত
আগ্নিয়গিৰিৰ পৰিভাষা
সদায়েই যেন মোক কৈ যায়
আৰু বহি থকাৰ দিন নাই
তহত সাজু হ্'বৰ হ্'ল
বহুত কষ্ট সহ্য কৰি কৰি
নিজৰ বুকুখন খান্দি খান্দি
বণিয়াক কৰিছো পুঁজিপতি
ধৰ্ষিতা, লুন্ঠিতা, প্ৰৱঞ্ছিতা
হৈ হৈ অধৈৰ্য্য আজি মই
বিপ্লৱী সাজেৰে সাজিম মই
আহ আগবাঢ়ি বুকু ডাঠ কৰি
বিপ্লৱ কৰ অসমীয়া সবে মিলি
বচাহি মাতৃভূমি আই অসমী
......................
ভৱিষ্যত অন্ধকাৰ ....
তুমিতো মোৰ মৰম
তুলাচনীৰে জুখিব নোৱাৰা
মোৰ অন্তৰত সোমাই
নিজ চকুৰে চাবও নোৱাৰা
নিত্য নতুন কৌশলেৰে
তুমি কাষলৈ আহি কিয় মোক
সন্দেহৰ শৰেৰে ভীষ্মৰ
শৰ-শয্যাত মোক তুলি ধৰা
উঃ এই মৰাত্মক যান্ত্ৰণাৰ
বেদনা তুমি কি বুজি পাবা ?
পোৱা জনেহে বুজি পাই
মৰমে কেনেকৈ খুলি খুলি খায়
সঁচা মৰম বিলোৱা জনেহে
সঁচা মৰমৰ অংশীদাৰ পাই
জননীত মৰম, চেনেহ,
আবেগ, ভাতৃত্ববোধৰ অবিহনে
মহান মানৱ সভ্যতাৰ
অদুৰ ভৱিষ্যত অন্ধকাৰ
.................
আই অসমীলৈ মোৰ মৰম শেষ
শ্ৰদ্ধা জানিব
হয়তো এদিন কোনেও নজনাকৈ
ধৰিত্ৰীৰ বুকুত বিলীন হৈ যাম
তথাপিতো তোমাৰ বুকুৰ ভিতৰত
যান্ত্ৰণাৰ সাঁচ আঁকি থৈ
নাজাওঁ
যদি তোমাৰ ভাগ্যত কৰুণ
মূহুৰ্ত আহে
হেলাৰঙে বুকু পাতিম তোমাৰ
কাৰণে
আশাকৰো এই মূহুৰ্ত কদাপি
নাহে
তোমাৰ সন্তানবোৰ সদায়ে হাঁহি
থাকে
নিজৰ সন্তানেই তোমাৰ সন্মান
কাঢ়ে
দুৰ্নীতিগ্ৰস্থ পাপীয়ে
পৰিচালনা কৰে
হয়তো এদিন সকলো সলনি হ্'ব
কলিৰ শেষত কল্কী অৱতাৰ হ্'ব
ভাই-ভাইৰ মাজতেই কুৰুক্ষেত্ৰ
হ্'ব
পাপীক নিঃশেষ কৰি ধৰ্মই শাসন
ল'ব
ধৰ্ম-অধৰ্মৰ যুঁজত যদি মোৰ
প্ৰয়োজন হয়
হাঁহি মুখে ত্যাগ কৰিম
আত্মীয় কুতুম্বৰ
প্ৰাণ দিও মাৰিব নোৱাৰো
তোমাৰ মৰমৰ
বুৰঞ্জীতহে থাকিব নাম অসমৰ
শ্বহীদৰ
নালাগে শ্বহীদ ৰূপে বুৰঞ্জীত
জিলিকি থাকিব
আই অসমীলৈ মোৰ মৰম শেষ
শ্ৰদ্ধা জানিব ।।।।
সজাগ হ্'বৰ সময় আহি পৰিছে ..........
দপদপকৈ নামনি অসম
জ্বলি শেষ হ্'ব ধৰিছে
বড়ো আৰু সংখ্যালঘু
গোষ্ঠীৰ সংঘৰ্ষ লাগিছে
হেলাৰঙে মৰাই মাৰি
মাৰিছে কটাই কাটিছে
সকলোৱেই নিজে
বাছিবলৈ আনক মাৰিছে
কি কাৰণে লাগিছে
যুঁজ কোনেনো জানিছে
কুটিল ৰাজনৈতিত
মানব দানবলৈ প্ৰৱৰ্তিছে
কোনোৱে হাঁহি আছে
পৈশাচিক আনন্দত
দিশহাৰা হৈ আৰ্তজনে
হিয়া উজাৰি কান্দিছে
মুখাপিন্ধা নৰকৰ কীটে
ৰাইজ মেল পাতিছে
ত্ৰাণকৰ্তাৰ ভাও দি
ৰাইজক অভূৱা ভৰিছে
আত্মীয়ক হেৰুৱাই
হিয়া ভাঙ্গি কান্দি পৰিছে
দালালে মাত্ৰ নিকৃষ্ট
চল্-চক্ৰান্ত কৰাত লাগিছে
ভায়ে ভাইকে মাৰি
গোষ্ঠীগত সংঘৰ্ষ কৰিছে
জীয়াই থকাৰ তাৰণাতে
যুদ্ধা হৈ সাজিছে
লেলিহান শিখাই
সৰ্বতে গ্ৰাস কৰি আনিছে
ৰাইজসকল সজাগ
হ্'বৰ সময় আহি পৰিছে ....................
পাপ কৰ্মৰ
উমি উমি জ্বলি অসম
শেষ হ’বৰ উপক্ৰম হৈছে
যেন পূৰ্ব জন্মত কৰা
পাপ কৰ্মৰ ফলত আজিৰ
অসমীয়া জাতিটোৱে
ঋষিৰ শাপত শাপগ্ৰস্থ হৈছে
চাৰিও ফালে জীৱণৰ
তাৰণাত পলাবলৈ ধৰিছে
গোষ্ঠীগত যুঁজত ৰামে
ৰহিমক মাৰিবলৈ খেদিছে
নিজক বচাবলৈ সকলো
যুঁজৰ যুঁদ্ধাহৈ সাজিছে
নিজ ভাইৰ হত্যাৰ
প্ৰতিশোধত হত্যাকাৰী হৈছে
দয়া, মমতা,
শান্তিৰ
স্থান ছিদ্ৰতমো কাতো নাই
আনপক্ষক শত্ৰুক
দেখিলেই তেজ উঠলি উঠে
এটাই নীতি “ধৰি আন
কাটি দোচেও কৰি পেলাও “…………………………………. প্লাবন বিজয় শইকীয়া ( বোকাখাত ) ফোন নং: ৭৩৯৯৩০২৮৩৬
online casino free bonus, no deposit bonus
ReplyDeleteOnline Casino no deposit bonus codes & promo codes. Deposit bonuses 바카라 are mostly associated with slot kadangpintar machines that will attract new 샌즈카지노 customers. However, the